প্ৰতি, মৰমৰ প্ৰাপ্তি, . এতিয়া দোভাগ নিশা। কোনোবা তৃষ্ণাতুৰ নিদ্ৰাই তোমাক গিলি পেলাইছে ছাগৈ, মেঘৰ কোমল পাটীত । সুখত আছানে বাৰু তুমি ? মোৰ খুব মন যায় জানা, সুখী তোমাৰ নাচোন চাবলৈ, সন্তুষ্টিৰ লয়-লাসেৰে… . তোমাৰ বিফল প্ৰেমিক মই। অৱশ্যে ফলৰ লোভত নহয় প্ৰেমৰ সৃষ্টি! তথাপিও কৈছোঁ কাৰণ তুমি যোৱাৰ দিন ধৰি সেই সপোনবোৰেইতো মোৰ জীৱন। এতিয়াও বুজা নাই মই, এয়া মোৰ জীৱন নে সপোন।তোমাৰ স্মৃতিবোৰে কথা কয়, মোৰ চিঠিবোৰ আধালিখা হৈ ৰয়। তোমাৰ নিথৰ দেহাটোৰ সমুখত কলমৰ শব্দ উকা হৈ বয়। . ফাগুন আকৌ আহিছে। মদাৰ গছে গছে ফুলিছে, পছোৱা জাক মোৰ মাজেৰে পাৰ হৈ গৈছে। পিছে মাদকতা নাই পছোৱাজাকত, কিয় বা আহিল তোমাৰ অবিহনে! মদাৰজোপাৰো সেই জমকতা নাই, ফুলিছে আৰু চোতাল সজাইছে। আজিৰ পৰা দুকুৰি বছৰৰ আগৰ ফাগুনৰ ৰূপেই সুকীয়া আছিল। মোৰ ঘোৰ যৌৱন, তোমাৰ মতলীয়া গাভৰু মন। মনত আছেনে তোমাৰ, মই য়ে কৈছিলোঁ ফাগুন মাথোঁ এক সময় নহয়, ই স্মৃতি; পছোৱা মাথোঁ এজাক বতাহ নহয়, ই প্ৰেম, উতলা তেজত শীতল পৰশ। তুমি যে লাজুকী চাৱনিত মোক আৱদ্ধ কৰি লৈছিলা। তোমাৰ তাঁত যুঁটিৰে খুব ঘনকৈ মাঁকো সৰকিছিল, বিহুৱান তোমাৰ মৰম আৰু স্ৱাভিমানৰ প্ৰতীক। . তোমাৰ দৰে মো...