প্ৰতি,
মৰমৰ প্ৰাপ্তি,.
এতিয়া দোভাগ নিশা। কোনোবা তৃষ্ণাতুৰ নিদ্ৰাই তোমাক গিলি পেলাইছে ছাগৈ, মেঘৰ কোমল পাটীত । সুখত আছানে বাৰু তুমি ? মোৰ খুব মন যায় জানা, সুখী তোমাৰ নাচোন চাবলৈ, সন্তুষ্টিৰ লয়-লাসেৰে…
.
তোমাৰ বিফল প্ৰেমিক মই। অৱশ্যে ফলৰ লোভত নহয় প্ৰেমৰ সৃষ্টি! তথাপিও কৈছোঁ কাৰণ তুমি যোৱাৰ দিন ধৰি সেই সপোনবোৰেইতো মোৰ জীৱন। এতিয়াও বুজা নাই মই, এয়া মোৰ জীৱন নে সপোন।তোমাৰ স্মৃতিবোৰে কথা কয়, মোৰ চিঠিবোৰ আধালিখা হৈ ৰয়। তোমাৰ নিথৰ দেহাটোৰ সমুখত কলমৰ শব্দ উকা হৈ বয়।
.
ফাগুন আকৌ আহিছে। মদাৰ গছে গছে ফুলিছে, পছোৱা জাক মোৰ মাজেৰে পাৰ হৈ গৈছে। পিছে মাদকতা নাই পছোৱাজাকত, কিয় বা আহিল তোমাৰ অবিহনে! মদাৰজোপাৰো সেই জমকতা নাই, ফুলিছে আৰু চোতাল সজাইছে। আজিৰ পৰা দুকুৰি বছৰৰ আগৰ ফাগুনৰ ৰূপেই সুকীয়া আছিল। মোৰ ঘোৰ যৌৱন, তোমাৰ মতলীয়া গাভৰু মন। মনত আছেনে তোমাৰ, মই য়ে কৈছিলোঁ ফাগুন মাথোঁ এক সময় নহয়, ই স্মৃতি; পছোৱা মাথোঁ এজাক বতাহ নহয়, ই প্ৰেম, উতলা তেজত শীতল পৰশ। তুমি যে লাজুকী চাৱনিত মোক আৱদ্ধ কৰি লৈছিলা। তোমাৰ তাঁত যুঁটিৰে খুব ঘনকৈ মাঁকো সৰকিছিল, বিহুৱান তোমাৰ মৰম আৰু স্ৱাভিমানৰ প্ৰতীক।
.
তোমাৰ দৰে মোৰ ঢোলটো ও নিমাত হৈ পৰিল। বছৰেকত বজা বৰকাঁহৰ গোমগোমনিত তাল যুৰিৰ চঞ্চলতা নোহোৱা হৈ গ’ল। বাঁহীটোৱেও কৰুণ সুৰ টানে, পেঁপাটোৰ উশাহবোৰ চুটি হৈ আহে। হঠাতে তুমি ঢলি পৰাৰ দৰে মোৰ আত্মাটো ও সৰি পৰিব খোজে। তুমিবিহীন নিৰ্জনতাই বিকট চিঞঁৰ মাৰে।
.
সময় যথেষ্ট আগবাঢ়ি গৈছে। আমাৰ বান্ধৈৰ ল’ৰাটোৱে ডাক্টৰী পঢ়িছে। সি কৈছে তোমাৰ অচিন ৰোগৰ চিকিৎসা সি হেনো বিচাৰি উলিয়াইছে। মাজে সময়ে সি আহে, আমাৰ কথাবোৰ তাক কওঁ। সি আকৌ সাধু শুনাদি শুনে।
.
হেৰা’ শুনিছা, ওপৰৱালাক সুধিবাচোন, কেতিয়াকৈ লগ পাম তোমাক। তোমাক লগ পোৱাৰ ক্ষণ গণি গণিয়েই জীৱন নিয়াইছোঁ। ইয়াৰ পৰা আকাশখন বিৰাট বহল দেখোঁ, মোৰ বাবে বাৰু অলপ ঠাই নোলাবনে? তুমি জোন হৈ পোহৰ দিবা, তোমাৰ কাষতে মই তৰা হৈ ৰ’ম। তুমি তেখেতক সুধিবাচোন।
.
সদায়ৰ দৰে সপোনলৈ আহিবা । তাৰেই কামনাৰে,
ইতি
তোমাৰ প্ৰেমিক স্বামী।
Comments
Post a Comment